নিয়োগ প্ৰত্যাশী স্নাতক উৰ্ত্তীণ শিক্ষাৰ্থীসকললৈ প্ৰতিমাহে ২৫০০ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিব বাবে অসম চৰকাৰে মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি (Jibon Prerana Scheme) প্ৰৱৰ্তন কৰিছে । আজি আমি মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি (Jibon Prerana Scheme) ৰ সুবিধা , এই আঁচনি কেনেকৈ লাভ কৰিব , ইয়াৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ , কোনে সকল শিক্ষাৰ্থীয়ে লাভ কৰিব ইয়াৰ বিষয়ে সবিশেষ আলোচনা কৰিম ।

জীৱন প্ৰেৰণা আঁচনি কি :
ৰাজ্যখনৰ নিয়োগ প্ৰত্যাশী স্নাতক শাখাত উৰ্ত্তীণ শিক্ষাৰ্থীসকলক উপকৃত হ’ব পৰাকৈ এই আঁচনিৰ অধিনত প্ৰতিমাহে ২৫০০ টকাকৈ এককালিন আৰ্থিক সাহায্য প্ৰদান কৰা । যাতে ৰাজ্যৰ স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব পাৰে । এই মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি (Jibon Prerana Scheme)ৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ স্নাতক ডিগ্ৰী লাভ কৰা যুৱক-যুৱতীসকলক আংশিকভাৱে আত্মনিৰ্ভৰশীল কৰি তোলা আৰু চাকৰি লাভ নকৰালৈকে আৰ্থিকভাৱে অনুদান আগবঢ়োৱা ।
অনলাইন আবেদনৰ লিংক : আবেদন কৰক
জীৱন প্ৰেৰণা আঁচনি ঘোষণা আৰু চৰকাৰৰ বাজেট :
বৰ্তমান অসম চৰকাৰৰ বাজেট সভাত বিত্তমন্ত্ৰী এইচ. অজন্তা নেওগে ২০২৫ চনৰ ১০ মাৰ্চ তাৰিখে এই আঁচনিৰ কথা ঘোষণা কৰে। এই আঁচনিৰ আধিনত ২৫০ কোটি টকা ৰ বাজেট অনুমোদন কৰা হৈছে ।
আঁচনিৰ যোগ্যতাৰ চৰ্ত :
| ক্ৰমিক নং | যোগ্যতা মানদণ্ড |
|---|---|
| 1 | স্নাতক ডিগ্ৰী লাভ কৰাটো অতি প্ৰয়োজনীয়। |
| 2 | অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। |
| 3 | মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ নকৰা শিক্ষার্থী হ’ব লাগিব। |
| 4 | প্ৰার্থীজনে ইতিমধ্যে অন্য চৰকাৰী আঁচনি সুবিধা লাভ নকৰা হ’ব লাগিব। |
প্ৰয়োজনীয় নথি-পত্ৰ :
| ক্ৰমিক নং | প্ৰয়োজনীয় নথি-পত্ৰ |
|---|---|
| 1 | আধাৰ কাৰ্ড |
| 2 | পেন কাৰ্ড |
| 3 | ৰেচন কাৰ্ড |
| 4 | পাছপ’ৰ্টৰ আকাৰৰ ফটো |
| 5 | বেংক একাউণ্টৰ প্ৰমাণ পত্ৰ |
মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ বিৱৰণ :
| বিষয়ৰ বিৱৰণ | তথ্য |
|---|---|
| আঁচনিৰ নাম | মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি (Jibon Prerana Scheme) |
| প্ৰৱৰ্তক | অসম চৰকাৰ |
| সহায়ৰ প্ৰকাৰ | মাহেকীয়া ₹2500 বা এককালীন ₹25,000 |
| অৰ্হতা | স্নাতক ডিগ্ৰীধাৰী |
| আবেদন প্ৰক্ৰিয়া | অনলাইন |
| আবেদন আৰম্ভ তাৰিখ | ১ জুন ২০২৫ |
| অফিচিয়েল ৱেবছাইট | assam.gov.in |
মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ আবেদন প্ৰক্ৰিয়া :
| পদক্ষেপ | নিৰ্দেশনা |
|---|---|
| পদক্ষেপ 1 | পোন প্ৰথমে assam.gov.in ৱেবছাইটলৈ যাওক। |
| পদক্ষেপ 2 | ইয়াৰ পাছত হোমপেজত Apply Now বিকল্পটোত ক্লিক কৰক। |
| পদক্ষেপ 3 | শিক্ষাগত তথ্য প্ৰৱেশ কৰক। |
| পদক্ষেপ 4 | প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰক। |
| পদক্ষেপ 5 | তথ্যসমূহ পুনৰ নিৰীক্ষণ কৰি “Submit” বুটামটোত ক্লিক কৰক। |

Pingback: Jibon Prerana Scheme 2025 Apply Online - Assam Fast News