আজিৰ এই যান্ত্ৰিক যুগত অসমৰ যুৱক-যুৱতীসকলৰ বাবে কাৰিকৰী দক্ষতা প্ৰশিক্ষণ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈ উঠিছে। মানুহৰ বৌদ্ধিক অৰ্হতা, চিন্তা-চৰ্চা ,উচ্চ শিক্ষা আৰু কাৰিকৰী জ্ঞানৰ ফলত দিনক দিনে বিভিন্ন ক্ষেত্ৰত কাৰিকৰী দক্ষতা প্ৰশিক্ষণ বৃদ্ধি পাইছে। কাৰিকৰী দক্ষতা প্ৰশিক্ষণৰ অবিহনে দেশ এখনৰ উন্নয়ন সম্ভৱ নহয় । সময় সলনি হোৱাৰ লগে লগে এই বিষয়ত ইয়াৰ চাহিদা দিনক দিনে বাঢ়িছে। কাৰিকৰী দক্ষতা প্ৰশিক্ষণ হৈছে সাম্প্ৰতিক সময়ৰ শিক্ষাৰ পৰা আহৰণ কৰা তথ্যবিত্তিক গৱেষণা আৰু উন্নয়ন প্ৰক্ৰিয়া বা কামৰ পথ। আজিৰ এই লিখনিত অসমৰ যুৱপ্ৰজন্মৰ বাবে কাৰিকৰী দক্ষতা প্ৰশিক্ষণৰ গুৰুত্বতা বিষয়ে সবিশেষ আলোচনা কৰিম ।

অসমৰ যুৱপ্ৰজন্মৰ বাবে কাৰিকৰী দক্ষতা কিয় গুৰুত্বপূৰ্ণ :
ভাৰতবৰ্ষৰ কৃষি প্ৰধান ৰাজ্য অসমৰ অসমীয়া যুৱক-যুৱতীসকলৰ বাবে কাৰিকৰী দক্ষতা কিয় গুৰুত্বপূৰ্ণ ! বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ লগত ফেৰ মাৰি নিজকে প্ৰতিষ্ঠা কৰা । পূৰ্বৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থা পৰিবৰ্তন ঘটাই উপয়ুক্ত শিক্ষা প্ৰদান কৰা , আমাৰ বেছিভাগ বিদ্যালয়ে এতিয়াও উপযুক্ত শিক্ষাৰ অভাৱ । , ছাত্ৰ-ছাত্ৰীসকল চাকৰিৰ বাবে সৰ্বাধিক যোগ্য নহয়, আৰু সেইটোৱেই এক প্ৰদান কাৰণ। কাৰিকৰী দক্ষতা প্ৰশিক্ষণৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলক ৱেব ডেভেলপমেন্ট, কম্পিউটাৰ বিজ্ঞান, প্ৰগ্ৰেমিং ভাষা HTML, CSS, Javascript, C Language, C++, পাইথন, চাইবাৰ সুৰক্ষা, ক’ডিং, ৱেব ডিজাইন, ৱৰ্ডপ্ৰেছ ৱেব ডেভেলপমেন্ট , AI অটোমেচন, AI দক্ষতা, ডিজিটেল বিপণন, ভিডিঅ’ সম্পাদনা, ফ্ৰীলান্সিং, কন্টেন্ট বিপণন, ইমেইল বিপণন, ব্লগিং, এসইঅ‘ বিশেষজ্ঞতা, অনলাইন সম্প্ৰদায়, অনলাইন বিপণন, ভৱিষ্যতৰ কৃষি, টেলিকমিউনিকেচন, আৰু ইলেক্ট্ৰিচিয়ান আদিৰ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিব লাগে। এই কাৰিকৰী দক্ষতা জ্ঞানৰ সহায়ত অসমীয়া ছাত্ৰ-ছাত্ৰীসকলৰ পৰিসাৰ বিভিন্ন পৰ্যায়ৰ বিভিন্ন ধৰণৰ সেৱা কাৰ্য বৃদ্ধি কৰিব পৰা যাব ।
কাৰিকৰী দক্ষতা প্ৰশিক্ষণৰ সুবিধাসমূহ :
নিয়োগযোগ্যতা বৃদ্ধি :
কাৰিকৰী দক্ষতাৰ সহায়ত অসমীয়া নৱ প্ৰজন্মই বিভিন্ন ধৰণৰ সেৱা কাৰ্যত চাকৰি বা নিযুক্তি লাভ কৰিবলৈ সক্ষম হ’ব।
উদ্যোগীকৰণৰ সুযোগ :
কাৰিকৰী জ্ঞানৰ জৰিয়তে নৱ প্ৰজন্মই স্থানীয় ব্যৱসায় পৰা আৰম্ভ কৰি আন্ত:ৰাষ্ট্ৰীয় ব্যৱসায় কৰিবলৈ সুবিধা লাভ কৰিব । যাৰ ফলত অসমত অৰ্থনৈতিক ক্ষেত্ৰত টনকিয়াল হ’ব। বিত্তীয় সেৱাই সমগ্ৰ বিশ্বকে আৰ্থিক ভাৱে আগবাঢ়ি যোৱাত বৃহৎ পৰিমানে সহায় কৰে । বিত্তীয় সেৱাৰ অবিহনে অৰ্থনৈতিক বিকাশ সম্ভৱ নহয় ।
বৰ্ধিত নিবনুৱা আৰু কৰ্মসংস্হাপন :
কাৰিকৰী দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰিলে বৰ্ধিত নিবনুৱা আৰু কৰ্মসংস্হাপন লাভ কৰিব আৰু ব্যক্তিগত জীৱনৰ প্ৰতি কোনো ভয় নাথাকিব।
অসমত দক্ষতা বিকাশৰ সফল পদক্ষেপ :
অসম চৰকাৰৰ লগতে বিভিন্ন ব্যক্তিগত উদ্যোগসমূহেও ৰাজ্যৰ ভিতৰতে কাৰিকৰী প্ৰশিক্ষণৰ প্ৰসাৰৰ ক্ষেত্ৰত অতি সক্ৰিয় হৈ পৰিছে। অসমৰ যুৱক-যুৱতীসকলক প্ৰমাণিত পাঠ্যক্ৰম, কৰ্মশালা, আৰু এপ্ৰেণ্টিছশ্বিপৰ এই মঞ্চসমূহত প্ৰৱেশৰ সুবিধা প্ৰদান কৰি সু-অৱগত আৰু দক্ষ কৰি তোলাৰ লক্ষ্যৰে ৰাজ্যখনৰ বাবে স্কিল ইণ্ডিয়া আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ দৰে পদক্ষেপৰ বাবে ধন আবণ্টন দিয়া চৰকাৰৰ প্ৰাৰম্ভিক সিদ্ধান্ত গ্ৰহণ কৰি আহিছে । তদুপৰি স্থানীয় বেচৰকাৰী সংস্থা আৰু সম্প্ৰদায় কেন্দ্ৰসমূহেও দূৰৱৰ্তী আৰু প্ৰান্তীয় লোকসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে এক বহল নেটৱৰ্ক স্থাপন কৰিছে, যাৰ ফলত এই যুৱক-যুৱতীসকলৰ প্ৰয়োজনীয়তা থকা জ্ঞান আৰু প্ৰতিভাৰ অভাৱ পূৰণ কৰা হৈছে। এই সংস্থাসমূহে সেইবাবেই প্ৰতিজন বাসিন্দাই দক্ষতা বিকাশৰ সুযোগ লাভ কৰাটো সম্ভৱ কৰি তুলিছে।
If some one wishes expert view on the topic of running a blog
after that i suggest him/her to pay a quick visit this webpage,
Keep up the nice work.