উইং কমাণ্ডাৰ ব্যোমিকা সিং ভাৰতীয় বায়ুসেনাৰ এগৰাকী মহিলা হেলিকপ্টাৰ পাইলট আৰু লগতে সাহসী যোদ্ধা। তাই কৰ্ণেল ছফিয়া কুৰেশ্বিৰ সৈতে পহলগামত সংঘটিত পাকিস্তানী সন্তাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতৰ অপাৰেচন সেন্দূৰৰ অভিযানত অংশগ্ৰহণ কৰি তাইৰ দক্ষতা আৰু সাহসৰ বাবে সমগ্ৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে। আজি আমি এই লিখনিটোত উইং কমাণ্ডাৰ ব্যোমিকা সিংৰ কৰ্ম জীৱনী, ভাৰতীয় বায়ু সেনাত ইয়াৰ অৱদান, অপাৰেচনাল মিছন আৰু কৃতিত্ব, বঁটা আৰু সন্মানৰ বিষয়ে আলোচনা কৰিম ।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা :
উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ জন্ম হৈছিল – 1993 চনৰ 15 এপ্ৰিলত ভাৰতৰ দিল্লীত। প্ৰাৰম্ভিক শিক্ষা দিল্লীৰ এক প্ৰতিষ্ঠিত বিদ্যালয়ৰ পৰা লাভ কৰে। তাই সৰুৰে পৰাই ভাৰতীয় বায়ুসেনাৰ এগৰাকী পাইলট হোৱাৰ সপোন আছিল। তাইৰ কঠোৰ অধ্যয়ন আৰু পৰিশ্ৰমৰ ফলত সেই সপোন পূৰণ কৰিবলৈ এনচিচি (নেচনেল কেডেট কৰ্পছ)ত নামভৰ্তি কৰে । দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বায়ু বিজ্ঞান বিভাগত অভিযান্ত্ৰিক ডিগ্ৰী সম্পূৰ্ণ লাভ কৰে। তাই তেওঁৰ নামক “ব্যোমিকা”ৰ শব্দ অৰ্থ “আকাশৰ অধিকাৰী” হিচাপে প্ৰকাশ কৰিছে ।
ভাৰতীয় বায়ু সেনাত যোগদান
তেওঁ ২০১৬ চনত ভাৰতীয় বায়ু সেনাত যোগদান কৰি বায়ু সেনাৰ পাইলট প্রশিক্ষণ গ্ৰহণ কৰে। ২০১৭ চনৰ ১৮ ডিচেম্বৰত ব্যোমিকা সিং উইং কমাণ্ডাৰ হৈছিল। ২০১৯ চনৰ ১৮ ডিচেম্বৰত তেওঁ পাইলট হিচাপে প্ৰথম ভাৰতীয় বায়ুসেনাৰ যুদ্ধবিমান উৰণ কৰে। তেওঁ Sukhoi-30 MKI, Mirage 2000 ৰ দৰে যুদ্ধবিমান ২৫০০ ঘণ্টাতকৈ অধিক উৰণ সম্পন্ন কৰিছে। উৰণৰ দক্ষতা আৰু সাহসিকতাৰ বাবে তেওঁ অতি কম সময়তে উইং কমাণ্ডাৰ পদলৈ উন্নীত হয়।
উল্লেখযোগ্য অপাৰেচনাল মিছন আৰু কৃতিত্ব
Operation Sindoor
তেওঁ বিভিন্ন যুদ্ধবিমান উৰণ কৰিছে আৰু দেশৰ সুৰক্ষাৰ বাবে অমূল্য অৱদান আগবঢ়াইছে। ২০২০ চনত অৰুণাচল প্ৰদেশত বিপজ্জনক উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছ বীৰত্বৰ দ্বায়িত্ব দাঙি ধৰিছে। ২০২১ চনত তেওঁ মাউণ্ট মানিৰাং (২১,৬২৫ ফুট) শিখৰলৈ ট্ৰাই চাৰ্ভিচ অল-মহিলা পৰ্বতা আৰোহণ অংশগ্ৰহণ কৰি ভাৰতীয় বায়ুসেনাৰ এক কৃতিত্ব কঢ়িয়াই আনিছে । শেহতীয়াকৈ তাই ২০২৫ চনৰ ৭ মে’ত কৰ্ণেল ছফিয়া কুৰেশ্বিৰ সৈতে পহলগামত সংঘটিত পাকিস্তানী সন্তাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতৰ অপাৰেচন সেন্দূৰৰ অভিযানত অংশগ্ৰহণ কৰি তেওঁৰ অপাৰেচনাল মিছনৰ নেতৃত্ব আৰু সাহসিকতা বাবে আমাৰ দেশ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে।
বঁটা আৰু সন্মান
এই গৰাকী ভাৰতীয় বায়ু সেনাৰ সাহসী যোদ্ধা পাইলট উইং কমাণ্ডাৰ ভাৰতীয় মহিলাসকলৰ বাবে অনুপ্ৰেৰণা । তেওঁৰ বীৰত্ব সচাকৈ লেখত ল’ব লগীয়া । তেওঁৰ সাহসৰ বীৰত্ব প্ৰদৰ্শনে এয়াৰ ষ্টাফৰ মুৰব্বী আৰু এটা অপাৰেচনেল কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং ইন চিফৰ পৰা বহুতো প্ৰশংসা লাভ কৰিছে । তেওঁ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত যি অমূল্য অৱদান আগবঢ়াইছে, সেইটো ভাৰতীয় বায়ু সেনাৰ সাহসী যোদ্ধা হিচাপে চিৰস্মৰণীয় হৈ থাকিব।