Assam Fast News

Jibon Prerana Scheme

মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি ২০২৫

নিয়োগ প্ৰত্যাশী স্নাতক উৰ্ত্তীণ শিক্ষাৰ্থীসকললৈ প্ৰতিমাহে ২৫০০ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিব বাবে অসম চৰকাৰে মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি (Jibon Prerana Scheme) প্ৰৱৰ্তন কৰিছে । আজি আমি মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি (Jibon Prerana Scheme) ৰ সুবিধা , এই আঁচনি কেনেকৈ লাভ কৰিব , ইয়াৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ , কোনে সকল শিক্ষাৰ্থীয়ে লাভ কৰিব ইয়াৰ বিষয়ে সবিশেষ আলোচনা কৰিম ।

Jibon Prerana Scheme.jpg

 

জীৱন প্ৰেৰণা আঁচনি কি :

ৰাজ্যখনৰ নিয়োগ প্ৰত্যাশী স্নাতক শাখাত উৰ্ত্তীণ শিক্ষাৰ্থীসকলক উপকৃত হ’ব পৰাকৈ এই আঁচনিৰ অধিনত প্ৰতিমাহে ২৫০০ টকাকৈ এককালিন আৰ্থিক সাহায্য প্ৰদান কৰা । যাতে ৰাজ্যৰ স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব পাৰে । এই মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি (Jibon Prerana Scheme)ৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ স্নাতক ডিগ্ৰী লাভ কৰা যুৱক-যুৱতীসকলক আংশিকভাৱে আত্মনিৰ্ভৰশীল কৰি তোলা আৰু চাকৰি লাভ নকৰালৈকে আৰ্থিকভাৱে অনুদান আগবঢ়োৱা ।

 

অনলাইন আবেদনৰ লিংক : আবেদন কৰক

 

জীৱন প্ৰেৰণা আঁচনি ঘোষণা আৰু চৰকাৰৰ বাজেট :

বৰ্তমান অসম চৰকাৰৰ বাজেট সভাত বিত্তমন্ত্ৰী এইচ. অজন্তা নেওগে ২০২৫ চনৰ ১০ মাৰ্চ তাৰিখে এই আঁচনিৰ কথা ঘোষণা কৰে। এই আঁচনিৰ আধিনত ২৫০ কোটি টকা ৰ বাজেট অনুমোদন কৰা হৈছে

 

আঁচনিৰ যোগ্যতাৰ চৰ্ত :

 

ক্ৰমিক নং যোগ্যতা মানদণ্ড
1 স্নাতক ডিগ্ৰী লাভ কৰাটো অতি প্ৰয়োজনীয়।
2 অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
3 মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ নকৰা শিক্ষার্থী হ’ব লাগিব।
4 প্ৰার্থীজনে ইতিমধ্যে অন্য চৰকাৰী আঁচনি সুবিধা লাভ নকৰা হ’ব লাগিব।

 

প্ৰয়োজনীয় নথি-পত্ৰ :

 

ক্ৰমিক নং প্ৰয়োজনীয় নথি-পত্ৰ
1 আধাৰ কাৰ্ড
2 পেন কাৰ্ড
3 ৰেচন কাৰ্ড
4 পাছপ’ৰ্টৰ আকাৰৰ ফটো
5 বেংক একাউণ্টৰ প্ৰমাণ পত্ৰ

 

মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ বিৱৰণ :

 

বিষয়ৰ বিৱৰণ তথ্য
আঁচনিৰ নাম মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি (Jibon Prerana Scheme)
প্ৰৱৰ্তক অসম চৰকাৰ
সহায়ৰ প্ৰকাৰ মাহেকীয়া ₹2500 বা এককালীন ₹25,000
অৰ্হতা স্নাতক ডিগ্ৰীধাৰী
আবেদন প্ৰক্ৰিয়া অনলাইন
আবেদন আৰম্ভ তাৰিখ ১ জুন ২০২৫
অফিচিয়েল ৱেবছাইট assam.gov.in

 

মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ আবেদন প্ৰক্ৰিয়া :

 

অনলাইন আবেদন প্ৰক্ৰিয়া
পদক্ষেপ নিৰ্দেশনা
পদক্ষেপ 1 পোন প্ৰথমে assam.gov.in ৱেবছাইটলৈ যাওক।
পদক্ষেপ 2 ইয়াৰ পাছত হোমপেজত Apply Now বিকল্পটোত ক্লিক কৰক।
পদক্ষেপ 3 শিক্ষাগত তথ্য প্ৰৱেশ কৰক।
পদক্ষেপ 4 প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰক।
পদক্ষেপ 5 তথ্যসমূহ পুনৰ নিৰীক্ষণ কৰি “Submit” বুটামটোত ক্লিক কৰক।

অনলাইন আবেদনৰ লিংক : আবেদন কৰক

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top